• Blogger Assam

উচ্চ শিক্ষাৰ বাবে কিদৰে এখন উচ্ছ মানদন্দৰ ক'লেজ বাচনি কৰি উলিয়াব - ইয়াৰ সম্পুৰ্ণ গাইড

( অনুবাদ - ত্ৰিবেণী দত্ত | ইংৰাজীত পঢ়িবৰ ববে ইয়াতে ক্লিক কৰক )

উচ্চ শিক্ষাৰ বাবে কিদৰে এখন উচ্ছ মানদন্দৰ ক'লেজ বাচনি কৰি উলিয়াব - ইয়াৰ সম্পুৰ্ণ গাইড

প্ৰত্যেক বছৰে উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ এক ভাগৰুৱা কাৰ্যপ্ৰণালী আৰু অন্যান্য চিন্তা আশঙ্কাৰ পিছত দ্বাদশ শ্ৰেণীৰ ছাত্ৰ- ছাত্ৰীসকলে বহুতো প্ৰত্যাহ্বান আৰু বাধাৰ সন্মুখীন হব লগীয়া হয় যেতিয়া কথা আহি পৰে তেওঁলোকৰ উচ্চ শিক্ষা আৰু এখন ভাল আৰু উপযুক্ত শিক্ষানুষ্ঠান বাছি উলিওৱাৰ ওপৰত।

কিন্তু, এখন উচিত আৰু যোগ্য শিক্ষানুষ্ঠান বিচাৰি উলিওৱাটো এক সহজ প্ৰণালী নহয়। এক বিশাল সংখ্যাত উপস্থিত থকা মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ মাজত এখন উপযুক্ত শিক্ষানুষ্ঠান বিচৰা সময়ত বহুতো খেলি মেলি অথবা আউল থাকি যায়।

এইয়া কোনো বহু সময় আগৰ কথা নহয় যেতিয়া মইও একেধৰণৰেই এক পৰিস্থিতিৰ সন্মুখীন হব লগীয়া হৈছিল। মোৰ মনত আছে যেতিয়া মইও মোৰ উচ্চ শিক্ষাৰ বাবে এখন উপযুক্ত শিক্ষানুষ্ঠান বিচাৰি বিমোৰত পৰিছিলো। আৰু কেৱল মই বুলিয়েই নহয় মোৰ বাহিৰেও মোৰ আন বহুত চিনাকি তথা লগৰীয়াও একেধৰণৰ পৰিস্থিতিৰ ভুক্তভূগী আছিল।

মোৰ মনত সেই সময়ত এনেকুৱা বহু ধৰণৰ প্ৰশ্নৰ উদয় হৈছিল যিবোৰ প্ৰশ্নৰ উত্তৰ মোৰ ওচৰত নাছিল আৰু সেই উওৰসমূহ সহজলভ্যও নাছিল।

সেইকাৰণে মই ইণ্টাৰনেটত “অসমৰ শ্ৰেষ্ঠ দহখন মহাবিদ্যায়”, “কোনখন মহাবিদ্যালয় বা বিশ্ববিদ্যালয় মোৰ বাবে উপযুক্ত” আদি কৰি আৰু কত কি যে সন্ধান কৰা নাছিলোঁ!

এতিয়া যেতিয়া তোমালোকেও অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ আৰু কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে অনুষ্ঠিত কৰা পৰীক্ষাসমূহৰ ফলাফলসমূহ লাভ কৰিছা, মোৰ বোধেৰে তোমালোকেও সদৃশ পৰিস্থিতিৰ মাজেৰে সময় পাৰ কৰিব লগীয়া হৈছে।

তোমালোকে সকলোৱে হয়তো বিমোৰত পৰিছা আৰু এক অশান্তিৰকৰ পৰিস্থিতিৰ মাজেৰে সময় অতিবাহিত কৰিছা। উচ্চ শিক্ষাৰ বাবে কি পাঠ্যক্ৰম বাছি লবা, কেনেধৰণৰ শিক্ষানুষ্ঠান বা কোনখন মহাবিদ্যালয় তোমাৰ বাবে উপযুক্ত হব, এনেকুৱা বহু ধৰণৰ প্ৰশ্ন তোমালোকৰ মনত হয়তো উদয় হৈছে আৰু ইয়াৰ মাজতেই হয়তো তোমালোকে নিজৰ মতেৰেই, নিজৰ পচন্দ অনুযায়ী শিক্ষানুষ্ঠনসমূহৰ তালিকা প্ৰস্তুত কৰি লৈছা, যিবিলাক শিক্ষানুষ্ঠানত হয়তো তোমালোকৰ আগন্তুক সময়ত শিক্ষা গ্ৰহণ কৰিবলৈ মন আছে। (আৰু যদিহে এতিয়ালৈ তোমালোকে কোনোধৰণৰ তালিকা বনোৱা নাই তেন্তে এই প্ৰবন্ধটোৰ শেষত তালিকা প্ৰস্তুত কৰিবলৈ সক্ষম হবা) আৰু হয়তো তোমালোকে ইণ্টাৰনেটত এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰিবলৈ চেষ্টা কৰি আছা, যিদৰে এটা সময়ত মই কৰিছিলোঁ।

মোৰ ক্ষেত্ৰত, অৱশেষত মই মোৰ বাবে এটা উত্তম পাঠ্যক্ৰম আৰু এখন সঠিক শিক্ষানুষ্ঠান বাছি লবলৈ সক্ষম হলো। মই মোৰ মনতেই কিছুমান বিশেষ, গুৰুত্বপূৰ্ণ অথচ সৰল বিষয়ৰ সূচী প্ৰস্তুত কৰি লৈছিলোঁ আৰু তাৰ জৰিয়তে মই ভালেখিনি সহায় লাভ কৰিছিলোঁ।

মই অসমত এখন ভাল আৰু উপযুক্ত কলেজ বাছি লবলৈ কিছুমান খুবেই সৰল অথচ গুৰুত্বপূৰ্ণ পদক্ষেপ অনুসৰণ কৰিছিলোঁ।

তোমালোকেও নিজৰ সহায়ৰ উদ্দেশ্যে এই পদক্ষেপসমূহ অনুসৰণ কৰিব পাৰা।


নং - পাঠ্যক্ৰম

নিজৰ পাঠ্যক্ৰম বাছি লোৱাটো হৈছে সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয়। যেতিয়া তুমি এখন শিক্ষানুষ্ঠান বাছি লোৱা, এইটো খুবেই আৱশ্যকীয় কথা যে তোমাৰ নিজৰ আকাংক্ষাৰ প্ৰতি সম্পূৰ্ণ জ্ঞান আৰু বুজাবুজি আছে। মই বুজি পাও যে কিছুমান সময়ত এইটো খুবেই কঠিন হৈ পৰে যে কোনটো পাঠ্যক্ৰম তুমি তোমাৰ বাবে উচিত হব। নিজৰ ৰুচি, আগ্ৰহসমূহ মাপি ললে এই কাৰ্য্য সহজ হৈ পৰে।

নিজকে কিছুমান এনেকুৱা প্ৰশ্ন সোধা যেনে-

“তুমি কি ভাল পোৱা বা কি কৰি ভাল পোৱা?”

“কেনেধণৰ বিষয়ৰ তোমাৰ ৰুচি বা আগ্ৰহৰ লগত মিল আছে?”

“সেই বিষয়সমূহৰ মাজত সকলোতকৈ শক্তিশালী বিষয়বোৰ কি?”

“তুমি সেই বিষয়সমূহত সঁচাকৈয়েই আগ্ৰহী হয়নে?”

“তুমি সেই বিষয়টো নিজৰ উচ্চ শিক্ষাৰ পাঠ্যক্ৰম হিচাপে বাছি লোৱাত কিমানখিনি নিৱেদিত বা সমৰ্পিত?”

“তুমি সেই বিষয়টো বাছি লৈ তাৰ জৰিয়তে ভবিষ্যতে নিজক কি হিচাপে চাব খোজা বা কোনটো স্থানত দেখিব বিচাৰা?”

“তুমি সেই বিষয়সমূহ বাছি লবলৈ বিগত পৰীক্ষাসমূহত পৰ্যাপ্ত নম্বৰ পাইছানে?”

মোৰ ক্ষেত্ৰত, আইন মোৰ কাৰণে উত্তম সংস্থাপনৰ ৰাষ্টা হিচাপে মই বাছি ললো যিহেতু এই বিষয়টোৰ মোৰ আগ্ৰহৰ, আকাংক্ষা আৰু মোৰ ব্যক্তিত্বৰ লগত মিল আছে।


নং- ২ - স্থান

এবাৰ নিজৰ এটা সাধাৰণ ধাৰণা বনাই লোৱাৰ পিছত, যে তুমি কি অধ্যয়ন কৰিব বিচাৰিছা, তোমাৰ আগন্তুক পদক্ষেপটো হব, এইটো বিচাৰি উলিওৱা যে তুমি কত শিক্ষা গ্ৰহন কৰিব বিচাৰা? এইটো তুলনামূকভাৱে সহজ কিয়নো এতিয়া তুমি কেৱল এইটো সন্ধান কৰিব লাগিব যে তুমি বিচাৰা পাঠ্যক্ৰসমূহ কোনবোৰ মহাবিদ্যালয়/ বিশ্ববিদ্যালয়ত উপলব্ধ আছে।

কিন্তু এনেকুৱা বহুতো কাৰণ থাকিব পাৰে যিবোৰে তুমি পচন্দ কৰি ঠাই বিচাৰা কথাটোক প্ৰভাৱিত কৰিব পাৰে; বিশেষকৈ তোমাৰ পিতৃ- মাতৃৰ সিদ্ধান্ত। যদি তোমাৰ কলেজীয়া শিক্ষা তুমি বসৱাস কৰা ঠাইখনৰ পৰা নহৈ, অন্য এখন ঠাইৰ পৰাহে গ্ৰহণ কৰিব খুজিছা, তেনেহলে সেইটো কথাত তোমাৰ পিতৃ – মাতৃৰ মতামত তথা সন্মতি থকাটো অত্যন্ত জৰুৰী।

ইয়াৰ বাহিৰেও যাত্ৰা- পাতিৰ খৰচ, থকা-খোৱা ঠাইৰ উপলব্ধতা, দৈনিক খৰচ, নিৰাপত্তা আৰু চিকিৎসানুষ্ঠান, ফাৰ্মাচী আদিৰ সুবিধা, নিজৰ ঘৰৰ পৰা কিমান ওচৰ ইত্যাদি কথাবোৰো সমানেই জৰুৰী।

গতিকে, তুমি কত পঢ়িবা সেইটো সিদ্ধান্ত লবলৈ হলে, এখন শিক্ষানুষ্ঠানৰ তালিকা বনোৱাৰ পৰা আৰম্ভ কৰা যত তুমি অধ্যয়ন কৰিব খোজা পাঠ্যক্ৰমসমূহ উপলব্ধ আছে। তাৰ পিছত নিজৰ মা দেউতাৰ সৈতে আলোচনা কৰা, খৰচ- পাতিৰ কথাসমূহও আলোচনাত অন্তৰ্ভুক্ত কৰা, পাঠ্যক্ৰমতটোৰ দ্বাৰা হব পৰা সমস্যা আৰু সুবিধাসমূহৰ কথাও আলোচনাৰ বিষয় হিচাপে লোৱা।

আৰু আলোচনাৰ শেষত তোমাৰ ওচৰত অন্ততঃ দুটা বিকল্প বা পছন্দ ওলাব (নিজৰ ঠাইত বা অন্য ঠাইত) বা দুটাতকৈ অধিকো ওলাব পাৰে।


নং – ৩ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ

এতিয়া আহি পৰে সকলোতকৈ কঠিন পৰ্যায়, যত তুমি নিজৰ শিক্ষানুষ্ঠান/ কলেজখন নিৰ্বাচিত কৰিব লাগিব।

এই পৰ্যায়টো অলপ সহজ বনাবলৈ তুমি ইয়াক দুটা ভাগত ভগাই লব পাৰা।

প্ৰথম পৰ্যা়য়ত, তুমি কলেজ অথবা শিক্ষানুষ্ঠানসমূহৰ তালিকা এখন প্ৰস্তুত কৰি উলিয়াই লব পাৰা যত তুমি বিচৰা পাঠ্যক্ৰমসমূহ উপলব্ধ আছে। উদাহৰণস্বৰূপে- তুমি পচন্দ কৰি উলিওৱা ঠাইখন হল গুৱাহাটী আৰু তুমি ইংৰাজী বিষয়ত মেজৰসহ কলা শাখাত স্নাতক পৰ্যায়ৰ পাঠদান লাভ কৰিব বিচাৰিছা; তেনেহলে তুমি গুৱাহাটীত এই বিষয়টো উপস্থিত থকাকৈ কলেজসমূহ বিচাৰি উলিওৱা উচিত।

এবাৰ তুমি কলেজসমূহৰ নাম তালিকাখনত সূচিবদ্ধ কৰা পিছত তুমি দ্বিতীয় পৰ্যায়লৈ যাব পাৰা যত তুমি কেৱল কলেজসমূহৰ বিষয়ে এখনৰ পিছত এখনকৈ তদন্ত কৰিব লাগিব, যেনে কলেজখন কিমান ভাল বা উপযুক্ত, কলেজখনৰ শিক্ষক শিক্ষয়িত্ৰী কিমান ভাল আৰু কলেজখনত কিমান সুযোগ সুবিধাৰ উপস্থিতি আছে ইত্যাদি।

এই প্ৰশ্নসমূহৰ উত্তৰ পাবলৈ তুমি নিজৰ কোনোবা সম্পৰ্কীয় মানুহ অথবা নিজৰ বিদ্যালয়ৰ জেষ্ঠ ছাত্ৰ যোনে বৰ্তমান সেই শিক্ষানুষ্ঠানখনত শিক্ষা গ্ৰহণ কৰি আছে, তেওঁলোকক সুধিব পাৰা। যদিহে তোমাৰ চিনাকী কোনো সম্পৰ্কীয় লোক বা জেষ্ঠ ছাত্ৰ তোমাক সহায় কৰিব পৰাকৈ নাই, তেনেহলে তুমি কোনোবা এনেকুৱা মানুহ বিচাৰি উলিওৱা উচিত যোনে তোমাক এই বিষয়ত সহায় কৰিব পাৰিব। তোমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক বা শিক্ষকেও তোমাক এই ক্ষেত্ৰত সহায় কৰিব পাৰা।

(আৰু যদিহে, তুমি এতিয়াও কোনোধৰণৰ সহায় পাবলৈ সক্ষম হব পৰা নাই, তেন্তে তলত দিয়া তালিকা খনৰ পৰা সহায় লব পাৰা, যত কিছুমান অতি উপযুক্ত কলেজৰ নাম সূচীবদ্ধ কৰা হৈছে)


নং- ৪ - আসনৰ উপলব্ধতা আৰু যোগ্যতাৰ মানদণ্ড:

কলেজসমূহ নিৰ্বাচিত কৰা সময়ত মনত ৰাখিব লগীয়া দ্বিতীয় কথাটো হৈছে- 'আসনৰ উপলব্ধতা'।


প্ৰত্যেকখন কলেজতেই মজুত থকা আসনৰ সংখ্যা কলেজ অনুযায়ী ভিন্ন হয় আৰু তাৰোপৰি চৰকাৰৰ দ্বাৰা ঘোষণা কৰা মতে বিশেষ শ্ৰেণীৰ বাবে সংৰক্ষিত আসনৰ সংখ্যা এটা প্ৰত্যেকখন কলেজতেই ধৰি দিয়া থাকে। শিক্ষানুষ্ঠানসমূহত সেই সংৰক্ষিত/ অসংৰক্ষিত আসনসমূহৰ বাবেও এটা যোগ্যতাৰ মাপদণ্ড/ মানদণ্ড ধৰি দিয়া থাকে।



গতিকে, তোমাৰ বাবে এইটো গম পোৱা উচিত যে তুমি কোনটো শ্ৰেণীৰ লোক হয় আৰু তোমাৰ যোগ্যতাৰ মানদণ্ড/ মাপদণ্ড তোমাৰ শ্ৰেণীৰ বাবে সেই কলেজসমূহত কিমান হয়? এইধৰণে, তুমি সেইসমূহ কলেজৰ নাম তোমাৰ তালিকাৰ পৰা আঁতৰাই দিব পাৰিব, যিবিলাক কলেজত পাবলৈ তোমাৰ পৰ্যাপ্ত পৰিমাণত যোগ্যতা নাই আৰু এইধৰণে, তুমি নিজৰ অযথা খৰচ কিছু পৰিমাণে কমাব পাৰিবা আৰু সেই টকা তুমি কোনো অন্য এখন কলেজৰ ওপৰত খৰচ কৰিব পাৰিবা যত পাবলৈ তোমাৰ পৰ্যাপ্ত পৰিমাণত যোগ্যতা আছে অথবা আশা আছে।


নং- ৫ - তোমাৰ শিক্ষানুষ্ঠানখনৰ তোমাক প্ৰদান কৰিবলৈ কি আছে?

কলেজীয়া শিক্ষা বুলিলেই কেৱল মাথো ডিগ্ৰী লাভ কৰাটোকেই নুবুজাই। এইটো বিভিন্ন প্ৰকাৰৰ উপাদান যেনে- তাত্বিক জ্ঞান বা সহজ ভাষাত কবলৈ গলে কিতাপৰ পৰা পোৱা জ্ঞান, পৰিবেশৰ জ্ঞান, সাধাৰণ পাঠ্যক্ৰমৰ বাহিৰেও অন্যান্য বহিৰ্ভুক্ত কাৰ্যকলাপৰ পাঠ্যক্ৰম, ব্যৱহাৰিক অভিজ্ঞতা আদিৰ এক মিশ্ৰণ।

বিভিন্ন ধৰণৰ বস্তু যেনে ইন্টার্নচীপ (internship), আলোচনা সভা অথবা চেমিনাৰ (কাৰ্যশালা/ সন্মেলন) আৰু অন্যান্য কাৰ্যকলাপ যেনে- খেলা- ধূলা, তৰ্ক প্ৰতযোগিতা, কুইজ প্ৰতিযোগিতা ইত্যাদি বস্তু যিবোৰ শৈক্ষিক পাঠ্যক্ৰমৰ বাহিৰত পৰে, এইবোৰ বিষয়ও অত্যন্ত জৰুৰী।



এবাৰ তুমি এইসমূহ কথাৰ তদন্ত কৰি উঠাৰ পিছত, তোমাৰ কথাবোৰৰ ওপৰত আগতকৈ অকমান বেছি বুজাবুজি তথা জ্ঞান থাকিব। আৰু তোমাৰ বাবে এতিয়া কলেজ বাছনি কৰাত, আৰু কোনখন কলেজলৈ আবেদন জনোৱা উচিত সেইটো বাছনি কৰাটো সহজ হৈ পৰিব।


টোকা –

  1. নিজৰ ওচৰত সদায় অন্য বিকল্পও মজুত ৰাখিবা। অইন বিকল্প মানে হল সেইবোৰ উপায়ন্তৰ, যিবোৰ তুমি বাছি লব পাৰিবা যদিহে কথাবোৰ তোমাৰ পৰিকল্পনাৰ মতেৰে নহয়। তোমাৰ লগত অন্য বিকল্প থকাটো একেবাৰে স্বাভাৱিক আৰু এইটো কোনো লাজৰ কথা নহয় ।

  2. ইণ্টাৰনেটত কলেজসমূহুৰ ৱেবচাইটবোৰ নিয়মিতভাৱে পৰীক্ষণ কৰি থাকিবা।

  3. কিছুমান শিক্ষানুষ্ঠান/ কলেজত প্ৰৱেশ পৰীক্ষা পতা হয়, সকলোতকৈ যোগ্য আবেদনকাৰী/পাৰ্থী/ ছাত্ৰসমূহ বাছি উলিয়াবলৈ। তুমি সেই পৰীক্ষাসমূহৰ বাবে আগতীয়াকৈ নিজকে প্ৰস্তুত কৰিব চাবা আৰু তৈয়াৰ হৈ থাকিবা। (বি. দ্রঃ- আইন মহািদ্যালয়সমূহত বাছনি পৰীক্ষা/ প্ৰবেশ পৰীক্ষা অনুষ্ঠিত কৰা হয়, যত আৱেদনকাৰী সমূহক তেওঁলোকৰ আইনী দক্ষতা, ব্যাকৰণ, মানসিক দক্ষতা আদিৰ ওপৰত প্ৰশ্ন কৰা হয়।)


অসমৰ আগশাৰীৰ মহাবিদ্যালয় কেইখনমানৰ তালিকা

অসমত বিজ্ঞান শাখাৰ আগশাৰীৰ মহাবিদ্যালয়

  1. আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়, গুৱাহাটী

  2. বি. বৰুৱা মহাবিদ্যালয়, গুৱাহাটী

  3. ভট্টদেৱ বিশ্ববিদ্যালয বজালী

  4. কটন বিশ্ববিদ্যালয়, গুৱাহাটী

  5. গুৱাহাটী ক'লেজ, গুৱাহাটী

  6. দৰং ক'লেজ, তেজপুৰ

  7. সন্দিকৈ সোৱালী মহাবিদ্যালয়, গুৱাহাটী

  8. জগন্নাথ বৰুৱা মহাবিদ্যালয়, যোৰহাট

  9. উত্তৰ লখিম্পুৰ মহাবিদ্যালয়, উত্তৰ লখিম্পুৰ

  10. প্ৰাগজ্যোতিষ মহাবিদ্যালয়, গুৱাহাটী

অসমত কলা শাখাৰ আগশাৰীৰ মহাবিদ্যালয়

  1. আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়, গুৱাহাটী

  2. বি. বৰুৱা মহাবিদ্যালয়, গুৱাহাটী

  3. ভট্টদেৱ বিশ্ববিদ্যালয বজালী

  4. কটন বিশ্ববিদ্যালয়, গুৱাহাটী

  5. দৰং ক'লেজ, তেজপুৰ

  6. সন্দিকৈ সোৱালী মহাবিদ্যালয়, গুৱাহাটী

  7. নগাঁও মহাবিদ্যালয়, নগাঁও

  8. উত্তৰ লখিম্পুৰ মহাবিদ্যালয়, উত্তৰ লখিম্পুৰ

  9. মঙ্গলদৈ মহাবিদ্যালয়, মঙ্গলদৈ

  10. পাণ্ডু মহাবিদ্যালয়, গুৱাহাটী

অসমত বাণিজ্য শাখাৰ আগশাৰীৰ মহাবিদ্যালয়

  1. গুৱাহাটী ক'লেজ, গুৱাহাটী

  2. বৰপেটাৰোড হাউলী মহাবিদ্যালয়, বৰপেটা

  3. চন্দ্ৰকমল বেজ্বৰুৱা বাণিজ্য মহাবিদ্যালয়, যোৰহাট

  4. বাণিজ্য বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়, গুৱাহাটী

  5. গুৱাহাটী কমাৰ্চ কলেজ, গুৱাহাটী

  6. জগন্নাথ বৰুৱা মহাবিদ্যালয়, যোৰহাট

  7. কে. চি. দাস কমাৰ্চ কলেজ, গুৱাহাটী

  8. তিনসুকিয়া মাৰ্চ কলেজ, তিনসুকিয়া

  9. পাণ্ডু মহাবিদ্যালয়, গুৱাহাটী

  10. প্ৰাগজ্যোতিষ মহাবিদ্যালয়, গুৱাহাটী

অসমত আইন শাখাৰ আগশাৰীৰ মহাবিদ্যালয়

  1. বিষ্ণুৰাম মেধি চৰকাৰী আইন মহাবিদ্যালয়, গুৱাহাটী

  2. ধুবুৰী আইন মহাবিদ্যালয়, ধুবুৰী

  3. দিচপুৰ আইন মহাবিদ্যালয়, গুৱাহাটী

  4. জে. বি. আইন মহাবিদ্যালয়, গুৱাহাটী

  5. এন. ই. এফ. আইন মহাবিদ্যালয়, গুৱাহাটী

  6. নগাঁও আইন মহাবিদ্যালয়, নগাঁও

  7. যোৰহাট আইন মহাবিদ্যালয়, যোৰহাট

  8. তেজপুৰ আইন মহাবিদ্যালয়, তেজপুৰ

  9. বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়, গুৱাহাটী

  10. নেচনেল ল' ইউনিভাৰচিটী এণ্ড জুড়ীচিয়েল একাডেমি, গুৱাহাটী (National Law University and Judicial Academy Assam)


58 views

- Recent Posts -

Quick Links:

Follow us:

  • blogger-assam-facebook
  • blogger-assam-instagram

©2020 by Blogger Assam.